AJB Class 8 Assamese Chapter 1 Answer 2026 | বৰগীত। Lesson 1। Class 8 Assamese Jatiya Bidyalay Question Answer। Medium Assamese । জাতীয় বিদ্যালয় প্ৰশ্ন উত্তৰ ।

১। একোটিকৈ বাক্যত উত্তৰ লিখাঃ
ক) যশোদা মাৱে কাক বাৰে বাৰে মাতিছে?
উত্তৰঃ যশোদা মাৱে তেওঁৰ পুত্ৰ শ্ৰীকৃষ্ণক বাৰে বাৰে মাতিছে।
খ) যশোদাই কৃষ্ণক লগত কি কি লৈ গৰু চৰাবলৈ কৈছিল?
উত্তৰঃ যশোদাই কৃষ্ণক দৈ, গাখীৰ, ঘিঁউ, ভাত-আঞ্জা, এছাৰি, শিঙা আৰু বেণু লৈ গৰু চৰাবলৈ কৈছিল।
গ) কবি মাধৱদেৱে কাৰ বাহিৰে ত্ৰাণকৰ্তা নাই বুলি কৈছে?
উত্তৰঃ কবি মাধৱদেৱে হৰিৰ বাহিৰে এই সংসাৰত আন কোনো ত্ৰাণকৰ্তা নাই বুলি কৈছে।
২। বৰগীতৰ মূলভাৱ
যশোদা আয়ে কৃষ্ণক জগাই গৰু চৰাবলৈ কৈছে। সূৰ্যোদয় হৈছে, আন্ধাৰ দূৰ হৈছে, বালকসকল গৰু চৰাবলৈ গৈছে। কৃষ্ণও লগত যায়। শেষত মাধৱদেৱে কৈছে যে হৰিৰ বাহিৰে আন কোনো ত্ৰাণকৰ্তা নাই।
৩। প্ৰসংগ-সংগতি ব্যাখ্যা
ক) ৰবি পৰশন তিমিৰ নাশি। সংগতি বালকসকল মিলিল আসি।।
প্ৰসংগঃ মাধৱদেৱৰ বৰগীত।
সংগতিঃ কৃষ্ণক গৰু চৰাবলৈ জগোৱা দৃশ্য।
ব্যাখ্যাঃ সূৰ্যোদয় হৈছে, আন্ধাৰ নাশ হৈছে, বালকসকল গৰু চৰাবলৈ একেলগ হৈছে।
খ) দীন মাধৱে কহয় পৰমাণ। হৰি বিনে নাহি তাৰক আন।।
প্ৰসংগঃ বৰগীতৰ অংশ।
সংগতিঃ হৰিৰ মহিমা বৰ্ণনা।
ব্যাখ্যাঃ হৰি একমাত্ৰ ত্ৰাণকৰ্তা।
গ) গাে বৎসপাল লেহু সংগে কৰি। উঠ গােষ্ঠে চল ঠাকুৰ মেৰি।।
প্ৰসংগঃ যশোদাই কৃষ্ণক জগোৱা।
ব্যাখ্যাঃ কৃষ্ণক গৰু চৰাবলৈ উঠিবলৈ কৈছে।
৪। চমু টোকা
বৰগীত
শংকৰদেৱ-মাধৱদেৱৰ ভক্তিমূলক গীতসমূহ।
ব্ৰজাৱলী ভাষা
মৈথিলী-অসমীয়া মিশ্ৰিত সাহিত্যিক ভাষা।
৫। একে অৰ্থ শব্দ
শব্দঅৰ্থ
ৰবিসূৰ্য
দধিদৈ
দীনদুখীয়া
৬। বিপৰীত শব্দ
শব্দবিপৰীত
কোমলকঠিন
বিদ্যাঅবিদ্যা
বাধ্যঅবাধ্য
৭। ভাবাৰ্থ
“আঁঠুৱা চাই ঠেং মেলা” মানে নিজৰ সামৰ্থ্য অনুযায়ী খৰচ আৰু কাম কৰিব লাগে।